SCERT Class 3 Environment Chapter 9 Answer 2026 | দৈনন্দিন জীৱনত পানী
Get SCERT Class 3 Environment Chapter 9 Question Answer 2026 for দৈনন্দিন জীৱনত পানী. Assamese Medium students can find easy solutions, notes, and tex
অধ্য়ায়-৯
দৈনন্দিন জীৱনত পানী
১। উত্তৰ লিখা-(ক) কি কি উৎসৰ পৰা আমি পানী পাওঁ।
উত্তৰঃ বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ, কুঁৱা আৰু দমকল।
(খ) তুমি আৰু ওচৰ-চুবুৰীয়াই পানী ক'ৰ ক'ৰ পৰা পোৱা?
উত্তৰঃ দমকল, কুঁৱা আৰু টেংকি।
(গ) তোমালোকৰ অঞ্চলত বা ওচৰে-পাজৰে থকা বিল, জান-জুৰিৰ নাম লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অঞ্চলৰ ওচৰত থকা বিল খনৰ নাম লিখিবা।
উদাহৰণঃ আমাৰ ওচৰত থকা বিল খনৰ নাম হ'লঃ সোণাই।
(ঘ) দূষিত পানী খোৱাৰ উপযোগী হয়নে?
উত্তৰঃ নহয়।
(ঙ) পানী কি কি কামত ব্য়ৱহাৰ কৰা হয়?
উত্তৰঃ গা ধুবলৈ, ঘৰ মচিবলৈ, ৰান্ধিবলৈ, বাগিচাত পানী দিবলৈ, কাপোৰ ধুবলৈ আদি।
(চ) ভূ-জল কি?
উত্তৰঃ আমি পুখুৰী, দম-কল, নাদ খান্দি মাটিৰ তলৰ পৰা পানী উলিয়াই আনো। এইবোৰক ভূ-গৰ্ভস্থ পানী বা ভূ-জল বোলে।
২। তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত 🖵 চিনেৰে ঘেৰ দিয়া-
|
নি |
অ |
ই |
সা |
গ |
ৰ |
|
জ |
প |
দ |
ম |
ক |
ল |
|
ৰা |
ন |
হ্ৰ |
ম |
ব |
বি |
|
এ |
দী |
দ |
ঐ |
য |
ল |
|
খা |
ট |
ড |
পু |
খু |
ৰী |
|
ল |
ধ |
ব |
ৰ |
ষু |
ণ |
উত্তৰঃ ১। নিজৰা
২। নদী
৩। হ্ৰদ
৪। বিল
৫। পুখুৰী
৬। বৰষুণ
৭। খাল
৮। সাগৰ
৯। দমকল
৩। ঘৰত আৰু বিদ্য়ালয়ত পানীৰ অপচয় দূৰ কৰিবলৈ তুমি কি কৰিবা?
উত্তৰঃ পানী কলটো খুলি থৈ আঁতৰি যাব নালাগে। ফল-মূল, শাক-পাচলি, চাউল-দাইল ধোৱা পানী পেলাই দিব নালাগে।
৪। তলত দিয়াবোৰত অমিলটো বাছি উলিয়াই তাত চিনেৰে ঘেৰ দিয়া—
(ক) গা-ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফণিওৱা
উত্তৰঃ মূৰ ফণিওৱা
(খ) নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল
উত্তৰঃ পাহাৰ
(গ) মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ
উত্তৰঃ বান্দৰ
(ঘ) জাহাজ,নাও, ৰে’লগাড়ী, ফেৰী
উত্তৰঃ ৰে'লগাড়ী
(ঙ) নাজী, পদুম, ভেট, মেটেকা
উত্তৰঃ মেটেকা
৫। পানী দূষিত হোৱাৰ তিনিটা কাৰণ লিখা।
উত্তৰঃ পানী দুষিত হোৱা তিনিটা কাৰণ হ'লঃ-
১ | পুখুৰীত গা ধুলে, গৰু-ম'হে পানী খালে আৰু লেতেৰা বস্তু পৰি থাকিলে পানী দূষিত হয়।