SCERT Class 3 Environment Chapter 14 Answer 2026 | আজৰি সময়ৰ সদব্যৱহাৰ
Get SCERT Class 3 Environment Chapter 14 Question Answer 2026 for আজৰি সময়ৰ সদব্যৱহাৰ. Assamese Medium students can find easy solutions, notes,
Chapter 14
আজৰি সময়ৰ সদব্য়ৱহাৰ
(ক) আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম-
উত্তৰঃ 'বুঢ়ী আই সাধু'।
(খ) তুমি ভালপোৱা দুটা খেলৰ নাম-
উত্তৰঃ লুডু আৰু দবা।
(গ) তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা বিধৰ নাম-
উত্তৰঃ হিমা দাস আৰু তেওঁ খেলা খেলবিধৰ নাম হ'ল- দৌৰ।
(ঘ) তুমি জনা এখন শিশু আলোচনীৰ নাম-
উত্তৰঃ জোনবাই।
(ঙ) তুমি খেলা কিছুমান খেলৰ নাম-
উত্তৰঃ লুডু, দবা, ফুটবল ক্ৰিকেট আৰু কাবাডী।
(চ) দুবিধ যোগাযোগৰ মাধ্য়মৰ নাম-
উত্তৰঃ মবাইল আৰু মেইল।
২। শুদ্ধ উত্তৰটোত '✔' চিন দিয়া-
(ক) আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে।
উত্তৰঃ ✔।
(খ) আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি।
উত্তৰঃ ✔।
(গ) পুথিভঁৰালৰপৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি।
উত্তৰঃ ✖ ।
৩। খালী ঠাই পূৰ কৰা-
(ক) সময় _______ ধন।
উত্তৰঃ অমূল্য়।
(খ) সময়বোৰ অবাবত ________ কৰিব নালাগে।
উত্তৰঃ খৰচ
(গ) বাতৰি কাকত পঢ়ি বহুত _______ জানিব পাৰি।
উত্তৰঃ কথা।
(ঘ) নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা যায় সেয়াই হ'ল ________ ।
উত্তৰঃ আজৰি সময়।
৪। বাতৰি কাকত, আলোচনী আদি পঢ়িলে কি কি লাভ হয় লিখা।
উত্তৰঃ বহুত নজনা কথা জানিব পাৰি। দেশৰ খবৰ পায়ে।
৫। দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাক লৈ দুটাকৈ বাক্য় লিখা-
(ক) খেল-ধেমালি।
উত্তৰঃ (ক) আমি সকলোৱে খেল-ধেমালি কৰিব লাগে।
(খ) খেল-ধেমালি কৰিলে স্বাস্থ্য় ভাল হয় থাকে।
(খ) বাতৰি কাকত।
উত্তৰঃ (ক) বাতৰি কাকত পঢ়িলে বহুত নজনা কথা জানিব পাৰি।
(খ) ৰতনৰ ককাকে বাতৰি কাকত পঢ়ি আছে।
(গ) ৰেডিঅ'।
উত্তৰঃ (ক) ৰামৰ ককাকে ৰেডিঅ' ত নিউজ শুনি আছে।
(খ) ৰেডিঅ' ত গান, নিউজ আদি শুনিব পাৰি।
(ঘ) ম'বাইল ফোন।
উত্তৰঃ (ক) আজি কালি সকলোৱে ম'বাইল ফোন তে সকলো কাম কৰে।
(খ) সৰু ল'ৰা-ছোৱালিয়ে ম'বাইল ফোন ত গেম খেলিব নালাগে।