SCERT Class 3 Environment Chapter 11 Answer 2026 | শৰীৰৰ যতন
Get SCERT Class 3 Environment Chapter 11 Question Answer 2026 for শৰীৰৰ যতন. Assamese Medium students can find easy solutions, notes, and textbook ans
Chapter 11
(ক) ভিতৰত খেলা খেল দুবিধৰ নাম লিখা।
উত্তৰঃ ভিতৰত খেলা দুবিধ খেলৰ নাম হ'লঃ লুডু আৰু দবা।
(খ) খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা।
উত্তৰঃ ফুটবল আৰু ক্ৰিকেট।
(গ) দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা।
উত্তৰঃ শাক-পাচলি আৰু মাহ।
(ঘ) বেমাৰৰপৰা দেহক ৰক্ষা কৰা দুবিধ ফলৰ নাম লিখা।
উত্তৰঃ সুমথিৰা আৰু মধুৰি-আম।
২। শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া-
(ক) আহাৰে আমাৰ শৰীৰত শক্তি যোগায়।
উত্তৰঃ ✔
(খ) সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে।
উত্তৰঃ ✔
(গ) আলিবাটত খোজকাঢ়োঁতে সদায় নিজৰ সোঁহাতে যাব লাগে।
উত্তৰঃ ✖
(ঘ) আলুৰ চিপ্ছ, শীতল পানীয়, আইচক্রীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী।
উত্তৰঃ ✖
৩। খালী ঠাই পূৰ কৰা
(ক) আহাৰ নাখালে আমি কাম কৰিবলৈ _____ নাপাওঁ।
উত্তৰঃ শক্তি।
(খ) _______ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে।
উত্তৰঃ পৰিষ্কাৰ।
(গ) নিয়মীয়াকৈ খেলা-ধূলা আৰু ______ কৰিলে আমাৰ শৰীৰ সবল হয়।
উত্তৰঃ ব্য়ায়াম।
(ঘ) সেউজীয়া শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ শৰীৰটোক _______পৰা ৰক্ষা কৰে।
উত্তৰঃ বেমাৰ।
৪। শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা—
(ক) কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ
সেউজীয়া শাক-পাচলি/ মধুৰি-আম/ভাত
উত্তৰঃ ভাত।
(খ) কি কৰিলে আমাৰ শৰীৰ সবল হয়—
শুই থাকিলে/বহি থাকিলে/ব্যায়াম কৰিলে
উত্তৰঃ ব্য়ায়াম কৰিলে।
(গ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো বৃদ্ধি হোৱাত সহায় কৰে—
শিলিখা/ আমলখি /গাখীৰ
উত্তৰঃ গাখীৰ।
(ঘ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত দেখা দিয়া ৰোগক প্ৰতিৰোধ কৰে—
মাংস/ ৰুটী / কলডিল
উত্তৰঃ কলডিল।