SCERT Class 3 Environment Chapter 6 Answer 2026 | আমাৰ চৌপাশৰ প্ৰাণীবোৰ
Get SCERT Class 3 Environment Chapter 6 Question Answer 2026 for আমাৰ চৌপাশৰ প্ৰাণীবোৰ. Assamese Medium students can find easy solutions, notes
অধ্য়ায়-৬
আমাৰ চৌপাশৰ প্ৰাণীবোৰ
উত্তৰঃ মাছৰ দেহৰ মাজ অংশ বহল। আগ আৰু পিছ অংশ সৰু। মাছে দেহৰ দুয়োকাষে থকা ফান (পাখি) আৰু পিছ অংশত থকা ফিচাৰ সহায়ত সাঁতোৰে।
(খ) ভেকুলীক কিয় উভচৰ প্ৰাণী বোলে?
উত্তৰঃ ভেকুলীবোৰ মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ইহঁতক উভচৰ প্ৰাণী বোলে।
(গ) আশ্রয়স্থলীৰ বিষয়ত ভিত্তি কৰি প্ৰাণীবোৰক কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ আশ্রয়স্থলীৰ বিষয়ত ভিত্তি কৰি প্ৰাণীবোৰক ঘৰচীয়া আৰু বনৰীয়া ভাগত ভগোৱা হৈছে।
(ঘ) আমি ঘৰচীয়া প্ৰাণীবোৰৰ যত্ন কেনেকৈ লওঁ?
উত্তৰঃ আমি ঘৰচীয়া প্ৰাণীবোৰক ভালদৰে দানা দিওঁ আৰু কৰবাত কষ্ট পালে আমি তেওঁলোকৰ বিভাগৰ ডাক্তৰ মাতো আৰু চিকিৎসা কৰো আৰু আমি এনেদৰে প্ৰাণীবোৰক যত্ন লওঁ।
(ঙ) গাখীৰৰ পৰা তৈয়াৰ কৰিব পৰা চাৰিবিধ খাদ্য বস্তুৰ নাম লিখা।
উত্তৰঃ ঘিউ, চানা, দৈ আৰু ক্ৰীম পাওঁ।
(চ) প্রাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে লিখা।
উত্তৰঃ গৰুৱে খেতি-পথাৰত হাল বাই আৰু ধানৰ মৰণাও মাৰে। মানুহে ঘৰত পহৰা দিবলৈ কুকুৰ পোহে। কিছুমান মানুহে নিগনিৰ উৎপাত কমাবৰ বাবে মেকুৰী পোহে। এনেদৰে প্ৰাণীয়ে আমাক বহু কামত সহায় কৰে।
২। এটা শব্দত উত্তৰ লিখা
(ক) পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম।
উত্তৰঃ পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম হ'ল- পেংগুইন।
(খ) আটাইতকৈ সৰু চৰাই বিধৰ নাম।
উত্তৰঃ আটাইতকৈ সৰু চৰাই বিধৰ নাম হ'ল- হামিংবাৰ্ড।
(গ) মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম।
উত্তৰঃ মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম হ'ল- ভেকুলী।
(ঘ) দেহত থকা ফুলেৰে উশাহ-নিশাহ লোৱা প্ৰাণী এবিধৰ নাম।
উত্তৰঃ দেহত থকা ফুলেৰে উশাহ-নিশাহ লোৱা প্ৰাণী এবিধৰ নাম হ'ল- মাছ।
(ঙ) ৰাতি মানুহৰ ঘৰত পহৰা দিয়া প্ৰাণী এবিধৰ নাম।
উত্তৰঃ ৰাতি মানুহৰঘৰত পহৰা দিয়া প্ৰাণী এবিধৰ নাম হ'ল- কুকুৰ।
(চ) ডেউকাৰ সহায়ত পানীত সাঁতোৰা প্ৰাণী এবিধৰ নাম।
উত্তৰঃ ডেউকাৰ সহায়ত পানীত সাঁতোৰা প্ৰাণী এবিধৰ নাম হ'ল- পেংগুইন।
৩। খালী ঠাই পূৰ কৰা–
(ক) মাছে দেহৰ দুয়োকাষে থকা ______ আৰু পিছ অংশত থকা _______ সহায়ত পানীত সাঁতোৰে।
উত্তৰঃ ফান, ফিচাৰ।
(খ) মাছে ______ সহায়ত উশাহ-নিশাহ লয়।
উত্তৰঃ ফুলৰ।
(গ) চৰাইৰ ________ ফোঁপোলা হোৱা বাবে দেহটো _______।
উত্তৰঃ হাড়বোৰ, পাতল।
(ঘ) পেংগুইনে ______ সহায়ত পানীত সাঁতোৰে।
উত্তৰঃ ডেউকাৰ।
(ঙ) উটপখী পৃথিৱীৰ ভিতৰত আটাইতকৈ _______ চৰাই।
উত্তৰঃ ডাঙৰ।
৪। কোনবোৰ প্ৰাণীয়ে আমাক বিভিন্ন কামত সহায় কৰে লিখা।
উত্তৰঃ গৰু, কুকুৰ, ম'হ, ঘোঁৰা, হাতী আদি।