SCERT Class 3 Assamese Chapter 1 Part 1 Answer 2026 | নতুন ওমলা গীত Question Answer
SCERT Class 3 Assamese Chapter 1 Part I নতুন ওমলা গীত Question Answer and Solutions for Assam.
Chapter 1 Part I -
নতুন ওমলা গীত
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা —
(ক) গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে?
উত্তৰ: গীতিকাৰে পৃথিৱীখনক এখন “ঘৰ” অৰ্থাৎ ঘৰৰ লগত তুলনা কৰিছে।
(খ) গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে?
উত্তৰ: গীতিকাৰে আকাশখনক তাৰৰ চালৰ সৈতে ৰিজাইছে।
(গ) কোনে গছৰ আগৰপৰা জুমি চালে?
উত্তৰ: গছৰ আগৰ পৰা ৰঙা ৰ’দে জুমি জুমি চালে।
(ঘ) আলি-বাট নহ'লেও কোন বেগাই আহে?
উত্তৰ: আলি-বাট নহ'লেও বতাহ বেগাই আহে।
(ঙ) ভৰি নহ'লেও কোন কোবেৰে যায়?
উত্তৰ: ভৰি নহ'লেও নৈ কোবেৰে যায়।
২। গীতটোৰ আধাৰত ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাওঁ আহা —
‘ক’ অংশ ‘খ’ অংশ
ৰঙা ৰদে চালৰে জুমি জুমি
আকাশ তাৰে চাল
পৃথিৱী এখন ঘৰ
নৈ যায় কোৱেবে