Chapter 7 Part II- 

বনভোজলৈ এদিন

আলোচনা কৰোঁ আৰু লিখোঁ আহা (পাঠভিত্তিক প্ৰশ্নোত্তৰ):

(ক) কিহৰ বাবে অম্লানহঁত সপৰিয়ালে ওলাই গৈছিল?

উত্তৰঃ অম্লানহঁত সপৰিয়ালে বন্ধৰ দিনটোত বনভোজ খাবলৈ ওলাই গৈছিল।

(খ) "আহি গ'ল, আহি গ'ল!..."-এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ এই কথাষাৰ অম্লানে কৈছিল।

(গ) গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে কিয় বিমোৰত পৰিছিল?

উত্তৰঃ গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে চাবিপাট বিচাৰি নাপাই বিমোৰত পৰিছিল।

(ঘ) অম্লানৰ মাকে জোঁৱায়েকক কি কৈছিল?

উত্তৰঃ অম্লানৰ মাকে জোঁৱায়েকক হাঁহি হাঁহি কৈছিল, “জোঁৱাই, চাবিপাট দেখোন তোমাৰ পেটীতেই ওলমি আছে।”

(ঙ) গাড়ীৰপৰা বয়-বস্তুবোৰ নমোৱাৰ পাছত শান্তাই কিয় কান্দিছিল?

উত্তৰঃ শান্তাই নিজৰ পুতলাটো নেদেখি কান্দিবলৈ ধৰিছিল।

(চ) বনভোজথলীত দেখা বেনাৰখনত কি লিখা আছিল?

উত্তৰঃ  বেছি হাই উৰুমি নকৰিব চৰাই-চিৰিকটিয়ে  ভয় খাব ।  

২। অতিৰিক্ত প্ৰশ্নোত্তৰ (Additional Question Answer):

(ক) বনভোজ বুলিলে অম্লানৰ মনত কি চিন্তা আহিছিল?

উত্তৰঃ বনভোজ বুলিলে অম্লানৰ মনত সদায় ডাঙৰ এখন হাবিৰ কথা আহিছিল যিখনত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু জীৱ-জন্তু আছে।

(খ) বনভোজ থলীত তেওঁলোকে কেনেকৈ দিনটো কটালে?

উত্তৰঃ  তেওঁলোকে চাহ-জলপান খাই, গীত গাই, নাচি-বাগি আনন্দতে দিনটো কটালে।

(গ) শান্তাই পেলনীয়া বস্তুবোৰ গছজোপাৰ কাষত দিয়াৰ কথা কিয় ক'লে?

উত্তৰঃ  শান্তাই ক'লে যে বাকী পেলনীয়াবোৰ জ্বলাই দিয়াৰ সলনি গছজোপাৰ গুৰিত দিলে গছজোপাই সাৰ পাব।

(ঘ) বনভোজৰ পাছত গধূলি নৌহওঁতেই তেওঁলোকে কি কৰিলে?

উত্তৰঃ  তেওঁলোকে গাড়ীত উঠি ঘৰলৈ উভতি গ’ল আৰু গধূলি নোহোৱা আগতেই ঘৰ পালেহি।

(ঙ) অম্লানে তালিকাখন কিয় উলিয়াই ল'লে?

উত্তৰঃ  অম্লানে তালিকাখন উলিয়াই ল’লে যাতে বনভোজলৈ নিয়া বস্তুবোৰ সকলো ঘূৰি আহিল নে নাই তাক এপদ-এপদকৈ মিলাই চাব পাৰে।

(চ) পেহাই কেনেকৈ গাড়ী চলাইছিল?

উত্তৰঃ  পেহাই আনন্দ মনে গাড়ী চলাইছিল আৰু হাঁহি হাঁহি সকলোকে সহাঁৰি জনাইছিল।