Class 3 Assamese Chapter 5 Part II Question Answer | জাপাৰকুছিৰ জাপি SCERT Assam
Get SCERT Class 3 Assamese Chapter 5 Part II Question Answer 2026 for জাপাৰকুছিৰ জাপি. অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ ভাষাত প্রশ্নোত্তৰ
Chapter 5 Part II -
জাপাৰকুছিৰ জাপি
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা (পাঠভিত্তিক)
(ক) জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত?
উত্তৰ: জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত।
(খ) জাপাৰকুছি কিয় বিখ্যাত?
উত্তৰ: জাপাৰকুছি জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত।
(গ) জাপাৰকুছিৰ লোকসকল কি কি কামত পাৰ্গত?
উত্তৰ: জাপাৰকুছিৰ লোকসকল বাঁহ-বেতৰ সঁজুলি, মাছ ধৰাৰ সঁজুলি, বাদ্যযন্ত্র আদিৰ লগতে জাপি তৈয়াৰ কৰাত পাৰ্গত।
(ঘ) জাপি কিহেৰে সাজে?
উত্তৰ: জাপি বাঁহ-বেত আৰু টকৌ গছৰ পাতেৰে সাজে।
(ঙ) অর্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে?
উত্তৰ: অর্পিতাৰ ককায়েকে বাঁহৰ সঁজুলিবোৰ বজাৰলৈ লৈ যায় আৰু বিক্ৰী কৰে।
(চ) অর্পিতাই অধিক সামগ্রী তৈয়াৰ কৰাৰ বাবে কি কৰিলে?
উত্তৰ: অর্পিতাই সামগ্রী বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্রপাতি কিনিলে আৰু কিছু পাৰ্গত বাড়ৈ নিয়োগ কৰিলে।
২। বহু-বিকল্প প্ৰশ্ন (MCQ)
নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে –
(ক) মাখিবাহা
(খ) গন্ধিয়া
(গ) জাপাৰকুছি
(ঘ) জাগ্রা
উত্তৰ: (গ) জাপাৰকুছি
Additional Question Answers (অতিৰিক্ত প্ৰশ্নোত্তৰ)
(ক) অর্পিতাই কোনজনৰ সৈতে সঁজুলি সাজিবলৈ শিকিলে?
উত্তৰ: অর্পিতাই তেওঁৰ ককায়েকৰ সৈতে সঁজুলি সাজিবলৈ শিকিলে।
(খ) অর্পিতাই কিদৰে নিজৰ সামগ্রী বিক্ৰী কৰিছিল?
উত্তৰ: অর্পিতাই পূজাৰ সময়ত অনুষ্ঠিত এখন বাণিজ্য-মেলাত নিজৰ সামগ্রী বিক্ৰী কৰিছিল।
(গ) বেপাৰীয়ে অৰ্পিতাক কি পৰামর্শ দিলে?
উত্তৰ: বেপাৰীয়ে অৰ্পিতাক অধিক সামগ্রী তৈয়াৰ কৰিবলৈ পৰামর্শ দিলে।
(ঘ) অর্পিতাই কি ধৰণৰ সামগ্রী সাজে?
উত্তৰ: অর্পিতাই গহনা, বাচন-বর্তন আৰু গৃহসজ্জাৰ বিভিন্ন বয়-বস্তু সাজে।
(ঙ) অর্পিতাই আধুনিক যন্ত্রপাতি কিয় কিনিলে?
উত্তৰ: অধিক সামগ্রী সাজিবলৈ সুবিধা হ’ব বুলি অর্পিতাই আধুনিক যন্ত্রপাতি কিনিলে।