Class 3 Assamese Chapter 4 Part II Question Answer | খবৰৰ টোপোলা SCERT Assam
Get SCERT Class 3 Assamese Chapter 4 Part II Question Answer 2026 for খবৰৰ টোপোলা. অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ ভাষাত সকলো প্রশ্নোত্তৰ
Chapter 4 Part II -
খবৰৰ টোপোলা
পাঠভিত্তিক প্রশ্ন-উত্তৰ:
১। কওঁ আৰু লিখোঁ আহা—
(ক) ছবি আঁকাত উদগনি বঁটা কোনে পাইছিল?
উত্তৰ: ছবি আঁকাত উদগনি বঁটা প্রদীপ যাদবে পাইছিল।
(খ) বাতৰি কাকতখন কোন তাৰিখে প্রকাশ পাইছে?
উত্তৰ: বাতৰি কাকতখন ১৯ জুলাই তাৰিখে প্রকাশ পাইছে।
(গ) কুইজ উৎসৱ ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: কুইজ উৎসৱ নলবাৰী প্রাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল।
(ঘ) বাতৰি কাকতখনত কোন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে?
উত্তৰ: বাতৰি কাকতখনত তেজপুৰ, নলবাৰী, মৰিয়নি আৰু লামডিং (জাতিংগা)ৰ বাতৰি প্ৰকাশ পাইছে।
(ঙ) বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম কি কি?
উত্তৰ: বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম হৈছে—
তেজপুৰত ছবি আঁকা প্রতিযোগিতা
নলবাৰীত কুইজ উৎসৱৰ আয়োজন
মৰিয়নিত এনকেফেলাইটিছ
ৰে’ল যাতায়াত ব্যাহত: জাতিংগাত ভূমিস্খলন
Additional Question-Answer:
(১) ৰত্নাৰ নাম কাকতত কিয় আহিছিল?
উত্তৰ: ৰত্নাই ছবি আঁকাৰ প্ৰতিযোগিতাত যুটীয়াভাৱে ৩য় স্থান লাভ কৰিছিল, সেই বাবে তাইৰ নাম বাতৰি কাকতত আহিছিল।
(২) তেজপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখন কোন প্ৰতিষ্ঠানে আয়োজন কৰিছিল?
উত্তৰ: 'মইনা পাৰিজাত' প্ৰতিষ্ঠানে তেজপুৰত ছবি আঁকাৰ প্ৰতিযোগিতাখন আয়োজন কৰিছিল।
(৩) কুইজ উৎসৱ কেতিয়া অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল?
উত্তৰ: কুইজ উৎসৱ ২১ জুলাইৰপৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল।
(৪) মৰিয়নিত বিয়পি পৰা ৰোগখনৰ নাম কি?
উত্তৰ: মৰিয়নিত বিয়পি পৰা ৰোগখনৰ নাম হৈছে জাপানিছ এনকেফেলাইটিছ।
(৫) ভূমিস্খলনৰ বাবে ৰে’ল যাতায়াত ক'ত ব্যাহত হৈছিল?
উত্তৰ: ভূমিস্খলনৰ বাবে ৰে’ল যাতায়াত জাতিংগাত ব্যাহত হৈছিল।
(৬) তেজপুৰত ছবি আঁকাৰ প্ৰতিযোগিতাত ১ম স্থান লাভ কৰিছিল কোনে?
উত্তৰ: ১ম স্থান চবিন ৰাভাই লাভ কৰিছিল।