Class 3 Assamese Chapter 2 Part I Question Answer | ভেবেলাৰ ভোগ SCERT Assam
Get SCERT Class 3 Assamese Chapter 2 Part I Question Answer 2026 for ভেবেলাৰ ভোগ. অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ ভাষাত প্রশ্নোত্তৰ, সমাধান
Chapter 2 Part I -
ভেবেলাৰ ভোগ
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা—
(ক) ভেবেলাই কি দোমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল?
উত্তৰ: ভেবেলাই মাঘী দোমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল।
(খ) ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল?
উত্তৰ: ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল।
(গ) ভেবেলাই শহুৰ-শাহুয়েকক আঁতি-গুৰি মাৰি কি কৈছিল?
উত্তৰ: ভেবেলাই ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা কৈছিল।
(ঘ) ভেবেলাই টিঙনা-ঘৰত কিয় সোমোবলগীয়া হৈছিল?
উত্তৰ: ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেটত টান ধৰিলে, আৰু সেয়ে টিঙনা-ঘৰত সোমাই বচালে মান।
২। তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা (MCQ)—
(১) ভেবেলাই—
(ক) টেকেলিৰ পানী খাইছিল।
(খ) লোটাৰ পানী খাইছিল।
(গ) বাটিৰ পানী খাইছিল।
(ঘ) কলহৰ পানী খাইছিল।
উত্তৰ: (ঘ) কলহৰ পানী খাইছিল।
(২) ভেবেলাই দোমাহীত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি কি নিছিল?
(ক) দৈৰ টেকেলি আৰু গুৰৰ টেকেলি
(খ) দৈৰ টেকেলি আৰু কলৰ আষি
(গ) গুড়ৰ টেকেলি আৰু কলৰ আষি
(ঘ) গুড়ৰ টেকেলি আৰু পানীৰ কলহ
উত্তৰ: (গ) গুড়ৰ টেকেলি আৰু কলৰ আষি
৩। লিখোঁ আহা—
(ক) ভেবেলাই শহুৰেকৰ ঘৰত কি কি খাইছিল, তাৰ নামবোৰ লিখা।
উত্তৰ: ভেবেলাই শহুৰেকৰ ঘৰত তলত দিয়া বোৰ খাইছিল—
চিৰা-দৈ
জুলীয়া গুৰ
চুঙা, তিল, ঘিলা, ফেনী, তেল পিঠা
লাডু, পৰমান, টেকেলি, মুঠিয়া, টোপোলা, সুতুলি পিঠা
সান্দহ, কৰাই
(খ) ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল? আৰু তাৰপৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল?
উত্তৰ: ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেটত টান ধৰিলে, আৰু তেওঁ একে কোবে গৈ টিঙনা-ঘৰত সোমাই বচালে মান।
৪। Additional Question Answer (অতিৰিক্ত প্ৰশ্নোত্তৰ)—
(১) ভেবেলাই কেনেদৰে শহুৰৰ ঘৰত প্ৰৱেশ কৰিছিল?
উত্তৰ: ভেবেলাই লুটাৰ পানীৰে হাত-ভৰি ধুই কলহৰ পানী খাই শহুৰৰ ঘৰলৈ প্ৰৱেশ কৰিছিল।
(২) ভেবেলাই কেনেকৈ শহুৰ-শাহুলৈ সন্মান জনালে?
উত্তৰ: ভেবেলাই সেৱাটি জনাই পীৰাখনত বহি ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা কৈছিল।
(৩) ভেবেলাই কিহৰ বাবে আঁতি-গুৰি মাৰিছিল?
উত্তৰ: ভেবেলাই ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ বিৱৰণ দিবলৈ আঁতি-গুৰি মাৰিছিল।
(৪) ভেবেলাই কেনেধৰণৰ খাদ্য খাইছে বুলি ভাবিছিল?
উত্তৰ: ভেবেলাই প্ৰায় ১৩-১৪ বিধ খাদ্য, যেনে চিৰা-দৈ, চুঙা, তিল, ফেনী, ঘিলা, লাডু, পিঠা আদি খাইছিল।